কোনোবাই শিক্ষকক ভগবানৰ লগত তুলনা কৰে আন কোনোবাই মা-দেউতাৰ লগত। কিন্তু এগৰাকী শিক্ষকৰ কৰ্মই আপোনাক পুণৰ ভাবিলৈ বাধ্য কৰিব যে একাংশ শিক্ষক মা-দেউতাৰ সম পৰ্যায়ৰ কেনেকৈ হ’ব পাৰে?
এয়া কেৱল শিশু ধৰ্ষণ নহয়, এজন শিক্ষকে ছাত্ৰীক ধৰ্ষণ। উত্তৰ প্ৰদেশত সমাজ ব্যৱস্থাক কুলষিত কৰা এক ঘটনা। যি ঘটনাই কেৱল এক পৰিয়াল নহয় বৰং সমগ্র সভ্য সমাজক লজ্জিত কৰিছে।
উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাৰ কোখৰাজ-ভাৰৱাৰী অঞ্চলত থকা “ৰামবলী শৰ্মা সৰস্বতী বিদ্যা মন্দিৰ”ৰ প্ৰধান শিক্ষক ডি কে মিশ্ৰৰ অপকৰ্মই দেশৰ জনতাক স্তম্ভিত কৰি তুলিছে। উল্লেখ্য যে শিশুটিৰ মা-দেউতা ঘৰত নথকাৰ সুযোগ লৈ শিশুক ধৰ্ষণ কৰে। ইতিমধ্যে তাৰ ভিডিও ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
কোখৰাজ থানাত ০৬/০৬/২৪ তাৰিখত গোচৰ ৰুজু কৰা হয়। অভিযুক্ত ডি কে মিশ্ৰ পলাতক। শিশু কন্যাই ভিডিও ভাইৰেল হোৱাৰ পিছত ০৮/০৬/২৪ তাৰিখত ট্ৰেইনৰ আগত আত্মহত্যা কৰিবলৈ চেষ্টা কৰে। পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
কৌশাম্বী জিলা পুলিচে সংবাদ মাধ্যমৰ আগত কয় যে শিশুটিৰ চিকিৎসা চলি আছে আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ চেষ্টা অব্যাহত ৰখা হৈছে।
