কিয় AIUDF নি:শেষ হ’ব লাগে?

AIUDF নি:শেষ হ’লে বিজেপিৰ সাম্প্রদায়িক ৰাজনীতি সচাঁই বন্ধ হ’ব নে ?

কংগ্ৰেছে বিচাৰে মুছলমানে যাতে কংগ্ৰেছৰ বাহিৰে অন্য কোনো দলক ভোট দিয়াৰ বিকল্প নাপায়। অৰ্থাৎ কংগ্ৰেছে ডি ভোটাৰ বনাওঁক, ডিটেনশ্বন কেম্প বনাওঁক, এন আৰ চিৰ পৰা ভাৰতীয় লোক বাদ পৰাত নিমাত থকাৰ পিছতো যাতে মুছলমানে কংগ্ৰেছৰ বাহিৰে অন্য দলক ভোট দিয়াৰ সুযোগ নাপায়। এয়াই বাস্তব সত্য। সেয়ে কংগ্ৰেছে বিচাৰে AIUDF নি:শেষ হ’ব লাগে।

AIUDF নি:শেষ হ’লে বিজেপিৰ সাম্প্রদায়িক ৰাজনীতি বন্ধ হ’ব নে? নিশ্চয় নহয়। বাবৰি মছজিদ নোহোৱা হৈ যোৱাৰ পিছত বিজেপিয়ে মন্দিৰ-মছজিদৰ ৰাজনীতি বন্ধ কৰিছেনে? বাবৰি মছজিদকলৈ যেতিয়া বিতৰ্ক চলি আছিল তেতিয়া একাংশ মুছলমানে কৈছিল যে আমাক বাবৰি মছজিদ নাগালে, তথাপিও এই মন্দিৰ-মছজিদৰ ৰাজনীতি বন্ধ হ’ব লাগে। এতিয়া বাবৰি মছজিদ নোহোৱা হৈ গ’ল কিন্তু প্ৰশ্ন হয় বিজেপিয়ে মন্দিৰ-মছজিদৰ ৰাজনীতি বন্ধ কৰিছেনে? অন্য আৰু বহু কেইটা মছজিদকলৈ বিতৰ্ক লগোৱাৰ অপচেষ্টা কৰি থকা নাইনে?

আজমল নাথাকিলে বিজেপিয়ে আছাদউদ্দিনৰ নাম লৈ হিন্দু সকলক ভয় খুৱাই ৰখাৰ চেষ্টা নকৰিব নে? আজমল নাথাকিলেওঁ মিয়াঁ, গৰীয়া, জোলা ইত্যাদি ভিন্ন ভিন্ন নামেৰে মুছলমানক ভাগ ভাগ কৰাৰ চেষ্টা নকৰিবনে? আজমল নাথাকিলে বিজেপিয়ে মোগলৰ নাম লোৱা বাদ দিবনে?

বিজেপিৰ সাম্প্রদায়িক ৰাজনীতি তেতিয়াহে বন্ধ হ’ব যেতিয়া উত্তৰ প্ৰদেশ,কৰ্ণাটকৰ হিন্দু সকলৰ দৰে দেশৰ সকলো ঠাইৰ হিন্দু সকলে বিজেপিক বৰ্জন কৰিব। যেতিয়া হিন্দু সকলে বুজি পাব যে বিজেপিয়ে অযথা মুছলমানৰ ভয় দেখুৱাই ভোট লোৱাৰ চেষ্টা কৰে, তেতিয়াহে বিজেপিৰ সাম্প্রদায়িক ৰাজনীতি বন্ধ হ’ব।

গতিকে AIUDF ৰ প্ৰয়োজন আছে
ক) যাতে কংগ্ৰেছে পুণৰ ডি ভোটাৰ বনাব নোৱাৰে
খ) এন আৰ চিৰ পৰা বাদ পৰা ভাৰতীয় লোকৰ নাম যাতে এন আৰ চিত সোমাবলৈ বাধ্য হয়

AIUDF থাকিলেহে কংগ্ৰেছে উপলব্ধি কৰিব যে আমি সংখ্যালঘুৰ সমস্যাক গুৰুত্ব নিদিলে তেওঁলোকে আমাৰ বিকল্প হিচাপে AIUDF ক ভোট দিয়াৰ সম্ভাৱনা আছে ।

অবশ্যে এয়াওঁ সত্য যে বদৰুদ্দিন আজমলৰ কিছু মন্তব্যই বিজেপিক সহায় কৰিছে। গতিকে আগন্তুক দিনত আজমলে নিজকে শুধৰণি কৰা উচিত। আনহাতে এয়াওঁ বাস্তব সত্য যে আজমলৰ আচাৰ-ব্যৱহাৰত অসন্তুষ্ট হৈ মানুহে আজমলক এইবাৰ ভোট প্ৰদান নকৰিল। গতিকে আজমলে যদি AIUDF জীয়াই থকাটো বিচাৰে তেন্তে মানুহৰ আগত প্ৰমাণ কৰিব লাগিব যে তেওঁ নিজৰ আচৰণ শুধৰাইছে। অন্যথা সভাপতিৰ পদ এৰি অন্য কোনো যোগ্য ব্যক্তিক সভাপতি পাতি তেওঁক সহযোগ কৰিব লাগে, তেতিয়াহে AIUDF জীয়াই থকা সম্ভৱ।

Related Posts

বাছৰ ভিতৰত মহিলাক ধৰ্ষণ

মহাৰাষ্ট্ৰৰ পুনেত জঘন্য ঘটনা। শিৱ শাহী নামৰ বাছৰ ভিতৰত মহিলাক ধৰ্ষণ। অভিযুক্ত ৰামদাসক মহাৰাষ্ট্ৰ পুলিচে গ্ৰেপ্তাৰ কৰে। গোটেই দেশত অভিযুক্তক কঠোৰ শাস্তিৰ দাবি উত্থাপন হৈছে।

বিহাৰত ‘জীৱিতপুত্ৰিকা’ উৎসৱৰ সময়ত ‘নদীৰ পানীত পৱিত্ৰ ডুব ’ ত অংশগ্রহণ কৰি থকা অৱস্থাত ৩৭টা শিশুসহ ৪৬জন লোকৰ মৃত্যু

বিহাৰ চৰকাৰে বৃহস্পতিবাৰে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে সমগ্ৰ বিহাৰৰ তিনিদিনীয়া ‘জীৱিতপুত্ৰিকা’ উৎসৱৰ সময়ত সমগ্ৰ বিহাৰৰ নদী-পুখুৰীত পবিত্ৰ স্নান কৰি থকা অৱস্থাত ৩৭টা শিশুকে ধৰি ৪৬জন লোক পানীত…

Leave a Reply

Your email address will not be published. Required fields are marked *

You Missed

বাছৰ ভিতৰত মহিলাক ধৰ্ষণ

  • By Editor
  • February 28, 2025
  • 36 views

দশম শ্ৰেণীৰ ছাত্ৰীয়ে জন্ম দিলে সন্তান

  • By Editor
  • February 26, 2025
  • 41 views

মুস্তফা কামাল আজহাৰীৰ প্ৰতিটো প্ৰশ্ন আৰু আপত্তিৰ দলিল আৰু যুক্তিৰ দ্বাৰা খণ্ডন

  • By Editor
  • November 14, 2024
  • 148 views

Who is Mustafa kamal Azhari? What are Controversial claims of Mustafa kamal Azhari from Assam ?

  • By Editor
  • November 11, 2024
  • 229 views

RRB job notice, both graduate and undergraduate vacancy

  • By Editor
  • October 2, 2024
  • 139 views

বিহাৰত ‘জীৱিতপুত্ৰিকা’ উৎসৱৰ সময়ত ‘নদীৰ পানীত পৱিত্ৰ ডুব ’ ত অংশগ্রহণ কৰি থকা অৱস্থাত ৩৭টা শিশুসহ ৪৬জন লোকৰ মৃত্যু

  • By Editor
  • September 27, 2024
  • 86 views