১) কাবা শৰীফ আল্লাহৰ মূৰ্তি
উত্তৰ : পৱিত্ৰ ক্বুৰআনে তেওঁৰ এই আপত্তিৰ উত্তৰ আজিৰ পৰা চৈধ্য শ বছৰ আগতেই দি থৈছে। ইয়াৰ দ্বাৰা ক্বুৰআনৰ মহত্ব প্ৰকাশ পায় যে পৱিত্ৰ ক্বুৰআন সৰ্বকালৰ বাবে প্ৰযোজ্য।
কাবা শৰীফ বা পৱিত্ৰ কাবা সম্পৰ্কে পৱিত্ৰ ক্বুৰআনত এনেদৰে কোৱা হৈছে-
আয়াত ১
جَعَلَ اللَّهُ الْكَعْبَةَ الْبَيْتَ الْحَرَامَ قِيَامًا لِلنَّاسِ
অৰ্থ: আল্লাহে মানুহৰ কল্যাণৰ বাবে পৱিত্ৰ ‘কাবা’ ক “বাতুল হাৰাম” হিচাপে নিৰ্ধাৰিত কৰিছে। ৫:৯৭
বাইতুল হাৰাম: এনেকুৱা ঘৰ য’ত যুদ্ধ, কাঁজিয়া, চিকাৰ কৰা হাৰাম(নিষিদ্ধ)।
আয়াত ২
إِنَّ أَوَّلَ بَيْتٍ وُضِعَ لِلنَّاسِ لَلَّذِي بِبَكَّةَ مُبَارَكًا وَهُدًى لِّلْعَالَمِينَ
অৰ্থ: নিশ্চয় মানৱজাতিৰ বাবে সৰ্বপ্ৰথম যি ঘৰ নিৰ্দিষ্ট হৈছিল অৱশ্যেই সেয়া এই পৱিত্ৰ মক্কাত অৱস্থিত। ই বৰকতসম্পন্ন আৰু জগতবাসীৰ বাবে পথপ্ৰদৰ্শক।
(২ঃ৯৬)
আয়াত ৩ –
فَلْيَعْبُدُوا رَبَّ هَٰذَا الْبَيْتِ
অৰ্থ : এতেকে সিহঁতে যেন এই ঘৰৰ প্ৰতিপালকৰ ইবাদত কৰে। ১০৬:৩
ওপৰৰ আয়াত তিনিটাৰ পৰা আমি বুজিব পাৰিলোঁ-
ক) কাবা হ’ল এনেকুৱা এখন ঘৰ য’ত যুদ্ধ, কাঁজিয়া, চিকাৰ কৰা হাৰাম
খ) পৱিত্ৰ কাবা বা কাবা শৰীফ পৃথিবীৰ প্ৰথম ঘৰ যিটো আল্লাহৰ ইবাদত কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হৈছে। ইয়াক পথপ্ৰদৰ্শক বুলি কোৱা হৈছে অৰ্থাৎ এই ঘৰে মানুহক direction প্ৰদান কৰে যে কোন চহৰ কোন ফালে আছে। একেদৰে এক ঈশ্বৰৰ প্ৰতি মানুহক পথ প্ৰদৰ্শন কৰে ।
গ) এই ঘৰৰ মালিক যিজন তেওঁৰ ইবাদত কৰিব লাগে। অৰ্থাৎ মুছলিম সকলে আল্লাহৰ ইবাদত কৰে এই ঘৰৰ নহয়।
যুক্তি: যিহেতু কাবা ঘৰক হজৰত মুহাম্মদ (ছ:) য়ে আল্লাহৰ মুৰ্তি বুলি কোৱা নাই, এতিয়া যদি কোনোবাই কয় যে কাবা ঘৰ হ’ল আল্লাহৰ মুৰ্তি তেন্তে প্ৰশ্ন হ’ব তেওঁ আল্লাহক দেখিছে নেকি? যদি দেখা নাই তেন্তে এনে অদ্ভুত আৰু অবান্তৰ কথাৰ কোনো মূল্য নাই। আৰু যদি কয় আল্লাহক দেখিছে তেন্তে তেওঁ হ’ব এজন চৰম মিথ্যাবাদী।
উল্লেখ্য যে কাবা ঘৰৰ ওপৰত উঠি বিভিন্ন সময়ত ছাফাই কৰ্মচাৰী সকলে কাম কৰে। যদি মুছলিম সকলে কাবা ঘৰক আল্লাহৰ মুৰ্তি বুলি গণ্য কৰিলেহেঁতেন তেন্তে তাৰ ওপৰত কাকো উঠিবলৈ নিদিলেহেঁতেন। গতিকে বুজা গ’ল পৃথিবীৰ সকলো মুছলমান ইয়াত একমত যে কাবা শৰীফ আল্লাহৰ মুৰ্তি নহয়। যিয়ে কাবা ঘৰক আল্লাহৰ মুৰ্তি বুলি কৈছে তেওঁ ইছলামৰ মৌলিক বিশ্বাসৰ আঁতৰি গৈছে।
২) ফিৰিস্তা সকল দেৱ-দেৱী
উত্তৰ: পৱিত্ৰ কোৰআনত আল্লাহ পাকে ষ্পষ্ট কৈছে : যি সকলে পৰকালক বিশ্বাস নকৰে সিহঁতেই “মালাঈকা”ক নাৰীবাচক নাম দি থাকে (অৰ্থাৎ নাৰী বুলি দাবি কৰি থাকে)। ছুৰা নজম, আয়াত : ২৭
উল্লেখ্য যে, মালাঈকা শব্দটি বহুবচন, যাৰ একবচন হ’ল- মালাকুন, অৰ্থ : ফৰিস্তা। ফিৰিস্তা হ’ল- নুৰেৰে তৈয়াৰকৃত আল্লাহৰ এক মখলুক যাক চকুৰে মনিব নোৱাৰি আৰু সিহঁত পুৰুষো নহয়, নাৰীও নহয়। উদ্ধৃতি : তফছীৰে ইবনে কাছীৰ : খণ্ড ৬, পৃষ্ঠা নং : ৩৩।
গতিকে ফিৰিস্তাক দেৱ-দেৱী বুলি দাবি কৰা মানে পৰকালক অস্বীকাৰ কৰা। পৰকালক অস্বীকাৰ কৰা ব্যক্তি মুছলিম হ’ব নোৱাৰে।
৩) ছুৰা আছৰত দূৰ্গা পূজাৰ কথা আছে
উত্তৰ : ছুৰা আছৰত কি আছে চাওঁ আহঁক-
সময়ৰ শপত,নিশ্চয় মানুহ ক্ষতিগ্ৰস্ততাত নিপতিত, কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য্য ধাৰণ কৰিবলৈ উৎসাহ দিয়ে।(ছুৰা নং ১০৩)
গতিকে ওপৰোক্ত আয়াতত দূৰ্গা পূজাৰ কথা নাই। পৱিত্ৰ ক্বুৰআনৰ ক’তো কোনো দেৱ-দেৱী বা অন্য কোনো মূৰ্তিৰ পূজাৰ কথা নাই। যিয়ে এনেদৰে ক্বুৰআনৰ অপপ্ৰচাৰ কৰে তেওঁ এনে অপকৰ্মৰ পৰা বিৰত থাকিব লাগে। ক্বুৰআনত মুৰ্তি পূজা আছে বুলি কোৱাটো সম্পূৰ্ণ কাল্পনিক, ভ্ৰান্ত, অপব্যাখ্যা।
ব্যক্তি জনে ৩৪ নং ছুৰাৰ ১৩ নং আয়াতৰ দ্বাৰা ক্বুৰআনত দেৱ-দেৱীৰ মূৰ্তি পূজা প্ৰমাণিত হয় বুলি দাবি কৰিছে।
আয়াত:
يَعْمَلُونَ لَهُ مَا يَشَاءُ مِنْ مَحَارِيبَ وَتَمَاثِيلَ وَجِفَانٍ كَالْجَوَابِ وَقُدُورٍ رَاسِيَاتٍ ۚ اعْمَلُوا آلَ دَاوُودَ شُكْرًا ۚ وَقَلِيلٌ مِنْ عِبَادِيَ الشَّكُورُ
সিহঁতে ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ছবি , জলাধাৰ সদৃশ বৃহদাকাৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল। ৩৪:১৩
আয়াতত বৰ্ণিত “তামাছিল” শব্দৰ কেইটাওঁ অৰ্থ হয়- যেনে ছবি, ভাস্কর্য, মূৰ্তি ইত্যাদি।
ক্বুৰআনৰ বিখ্যাত ব্যাখ্যাকাৰ ডক্টৰ মুফতি তাকী ওছমানী (হা:) য়ে ইয়াৰ অৰ্থ ছবি বুলি উল্লেখ কৰিছে । তেখেতে কয় যে সেইবোৰ নিৰ্জীৱ বস্তুৰ ছবি আছিল। কাৰণ তৌৰাত অধ্যয়ন কৰিলে দেখা যায় যে নবি হজৰত ছুলেমান (আ:) ৰ সময়তো জীৱিত বস্তুৰ ছবি অংকন নাজায়েজ আছিল (আছান তৰজুমা ক্বুৰআন, মুফতি তাকী ওছমানী) । সেয়ে ইয়াত নিৰ্জীৱ বস্তুৰ ছবি অংকনৰ কথা কোৱা হৈছে বুলি বুজা যায় ।
যদি যুক্তিৰ ক্ষত্ৰত মানি লোৱা হয় যে সেইবোৰ মূৰ্তি আছিল তাৰ পিছতো ইয়াৰ পৰা পূজা কৰা প্ৰমাণিত নহয়। গতিকে মূৰ্তি পূজাৰ কথা আছে বুলিটো কোৱাটো যুক্তিসংগত নহয়।
দ্বিতীয়তে আমি হজৰত ছুলেমান (আ:) ৰ উম্মত নহয় বৰং হজৰত মুহাম্মদ (ছ:) ৰ উম্মত। গতিকে পূৰ্বৰ উম্মতৰ কৰ্মক যদি নবী(ছ:) য়ে সমৰ্থন কৰাৰ প্ৰমাণ পোৱা যায়, বা নিজে কৰাৰ প্ৰমাণ পোৱা যায় তেতিয়াহে সেয়া আমাৰ বাবে প্ৰযোজ্য হ’ব। অন্যথা সেয়া হজৰত (ছ:) ৰ উম্মতৰ বাবে প্ৰযোজ্য নহয়। গতিকে কোনোবাই যদি মূৰ্তি পূজা কৰে তেওঁ হজৰত মুহাম্মদ (ছ:) ৰ উম্মত হ’ব নোৱাৰে।
পৱিত্ৰ ক্বুৰআনত বহুত ঘটনা বৰ্ণিত আছে, যেনে- ক্বাবিলে নিজৰ ভাতৃ হাবিলক হত্যা কৰিছিল, সেই বুলি আজি কোনোবাই নিজৰ ভাতৃক হত্যা কৰি পেলাব নে? ক্বুৰআনত আছে : ফিৰআউনে ৰাজমন্ত্ৰী হামানক কৈছিল, আকাশ খন বগাবলৈ মোক এটা জখলা বনাই দিয়া, সেই বুলি আজিৰ যুগত আমাৰ কোনোবাই আকাশত বগাবলৈ জখলা বনাব নে? এনেকুৱা মুৰ্খামী কাম কোনোবাই কৰিব নে? নিশ্চয় নকৰে।
গতিকে বুজা গ’ল যে, ক্বুৰআনত এটা বস্তুৰ কেৱল বৰ্ণনা থকা মানেই সেইটো আমাৰ বাবে কৰণীয় হৈ নাযায়। বৰং সেই বিষয়ে নবী মুহাম্মদ (ছ:)ৰ পৰা কি নিৰ্দেশনা, তেখেতে কি দৰে আমল কৰিছিল, সেইটোহে লক্ষনীয় ।
৪) হজৰত মুহাম্মদ (ছ:) যিদৰে এজন নবী আছিল একেদৰে শ্ৰী ৰাম, শ্ৰীম কৃষ্ণ নবী আছিল
উত্তৰ : নবী সম্পৰ্কে কেইটামান বিষয় গুৰুত্বপূৰ্ণ
ক) নবী হ’ল এনেকুৱা ব্যক্তি যাৰ জড়িয়তে আল্লাহ তাআলাই নিজৰ বাৰ্তা মানুহৰ মাজলৈ প্ৰেৰণ কৰে।
খ) নবীয়ে সেই বাৰ্তাত কোনো ধৰণৰ পৰিবৰ্তন কৰিব নোৱাৰে। নবীয়ে নিজৰ ফালৰ পৰা কোনো কথা সংযোগ বা পৰিবৰ্তন কৰিব নোৱাৰে।
গ) কোনো ব্যক্তি নিজে নিজে নবী হ’ব নোৱাৰে। বৰং আল্লাহ তাআলাই নিৰ্দিষ্ট কৰে।
এতিয়া প্ৰশ্ন হয়:
ক) শ্ৰী কৃষ্ণ আৰু শ্ৰী ৰামে নিজকে ঈশ্বৰৰ বাৰ্তাবাহক বুলি দাবি কৰাৰ কোনো প্ৰমাণ আছে নেকি?
খ) শ্ৰী কৃষ্ণ আৰু শ্ৰী ৰামে কৈছে নেকি যে আমাৰ ওপৰত এজন মালিক আছে, তেখেতে যি নিৰ্দেশ দিয়ে মই সেই মতে চলো?
গ) শ্ৰী কৃষ্ণ বা শ্ৰী ৰামে কৈছে নেকি যে মোৰ নিজস্ব কোনো ক্ষমতা নাই মোৰ মালিকে যি নিৰ্দেশ দিয়ে সেই মতে চলো?
যদি এনেদৰে কোৱা নাই তেন্তে তেখেত সকলক নবী বুলি দাবি কৰাটো গ্ৰহণযোগ্য নহয়। আৰু যদি এনেদৰে কোৱাৰ প্ৰমাণ থাকে তেন্তে নবী হোৱাৰ সম্ভাৱনা আছে বুলিহে কব পৰা যাব কিন্তু নিশ্চিত ভাবে কব পৰা নাযাব, যিহেতু ক্বুৰআনত নাই। গতিকে যিয়ে শ্ৰী কৃষ্ণ আৰু শ্ৰী ৰামক নবী বুলি কৈছে তেখেতে ওপৰোক্ত প্ৰশ্ন তিনিটাৰ উত্তৰ দিয়ক।
আমি ভাবো যে শ্ৰী কৃষ্ণ আৰু শ্ৰী ৰামক নবী বুলি কৈ তেওঁ শ্ৰী কৃষ্ণ আৰু শ্ৰী ৰামক অপমানিত কৰিছে। বহুতে শ্ৰী কৃষ্ণ আৰু শ্ৰী ৰামক ভগবান বুলি মানে। গতিকে ভগবানক নবী বুলি কৈ প্ৰকৃততে ভগবানক অপমান কৰা হোৱা নাইনে? আমাৰ দৃষ্টিত ব্যক্তি জনে দুইয়ো ধৰ্মাৱলম্বী লোকক অপমানিত কৰিছে।
৫) হজৰত মুহাম্মদ (ছ:) আল্লাহৰ আবতাৰ আছিল
অবতাৰ মানে হ’ল- সৃষ্টিকর্তা বা স্বয়ং ঈশ্বৰে দেহধাৰণ কৰি পৃথিবীত অবতীর্ণ হয় , হিন্দু শাস্ত্রমতে ভগবানে মনুহৰূপে বা অন্য কোনো প্রাণীৰ ৰূপত পৃথিৱীত আহে। (Wikipedia)
গতিকে যিয়ে হজৰত মুহাম্মদ (ছ:) ক আল্লাহৰ অবতাৰ বুলি দাবি কৰিছে তেওঁ প্ৰমাণ কৰক যে ক’ত নবী(ছ:) য়ে কৈছে যে মই সৃষ্টি কৰ্তা বা মালিক?
ইছলাম ধৰ্ম মতে সৃষ্টিকৰ্তা নিজে দেহধাৰণ কৰি নাহে বৰং নবী সকলৰ দ্বাৰা নিজৰ বাৰ্তা মানুহলৈ প্ৰেৰণ কৰে। ক্বুৰআনৰ ক’তো এই কথা নাই যে – আল্লাহে দেহধাৰণ কৰি মানুহৰ মাজলৈ আহিছিল। বৰং ক্বুৰআনত পোৱা যায়ে যে আল্লাহে নিজৰ বাণী(আয়াত) সমূহ নবী সকলৰ জড়িয়তে মানুহলৈ প্ৰেৰণ কৰে। যেনে-
আয়াত ১
إِنَّ الَّذِينَ كَفَرُوا بِآيَاتِ اللَّهِ لَهُمْ عَذَابٌ شَدِيدٌ
অৰ্থ: নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহ অস্বীকাৰ কৰে সিহঁতৰ বাবেই আছে কঠোৰ শাস্তি (৩:৪)
আয়াত ২
كَانَ النَّاسُ أُمَّةً وَاحِدَةً فَبَعَثَ اللَّهُ النَّبِيِّينَ مُبَشِّرِينَ وَمُنْذِرِينَ وَأَنْزَلَ مَعَهُمُ الْكِتَابَ بِالْحَقِّ لِيَحْكُمَ بَيْنَ النَّاسِ فِيمَا اخْتَلَفُوا فِيهِ ۚ وَمَا اخْتَلَفَ فِيهِ إِلَّا الَّذِينَ أُوتُوهُ مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَاتُ بَغْيًا بَيْنَهُمْ ۖ فَهَدَى اللَّهُ الَّذِينَ آمَنُوا لِمَا اخْتَلَفُوا فِيهِ مِنَ الْحَقِّ بِإِذْنِهِ ۗ وَاللَّهُ يَهْدِي مَنْ يَشَاءُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
অৰ্থ: সকলো মানুহ এটাই উম্মত আছিল। তাৰ পিছত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰত অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশতঃ সেই বিষয়ত সিহঁতে বিৰোধিতা কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা কৰে সৰল পথৰ ফালে হিদায়ত কৰে। ২:২১৩
৬) দাড়ি চয়তানে ৰাখে
ইতিহাসত এনেকুৱা কোনো নবী পোৱা নাযায় যিয়ে দাড়ি ৰখা নাছিল। গতিকে দাড়ি ৰখাটো আদৰ্শগত ছুন্নত। বিধানগত ভাবে দাড়ি ৰখাটো ৱাজিব।
হজৰত মুহাম্মদ (ছ:)য়ে কৈছে –
أنهِكوا الشوارِبَ، وأعفُوا اللِّحَى-
“গোফ উত্তমৰূপে কাটা আৰু দাড়ি এৰি দিয়া।” [ইবনে ওমৰ ৰাঃ ৰ পৰা মা’ৰূফ সূত্রে- ছহিহ বুখাৰী ,হাদীছ নং ৫৮৯৩,]
গতিকে যিয়ে দাড়ি ৰখাৰ বিৰোধিতা কৰে তেওঁ স্পষ্ট ৰূপে হজৰত মুহাম্মদ (ছ:) ৰ নিৰ্দেশৰ বিৰুদ্ধে গৈছে। যিয়ে হজৰত মুহাম্মদ (ছ:) ৰ বিৰুদ্ধে যায় তেওঁ কোনো পদ্ধেই নিজকে মুছলিম কব নোৱাৰে ।
দ্বিতীয়তে দাড়ি মুছলিম সকলৰ বাহিৰেও অন্য ধৰ্মীয় বহু মানুহে ৰাখে। গতিকে দাড়ি চয়তানে ৰাখে বুলি কৈ অন্যান্য ধৰ্মাৱলম্বী লোককো অপমানিত কৰিছে। তেওঁ কেৱল মুছলিম সকলক অপমানিত কৰিছে তেনে নহয় বৰং সমাজত সাম্প্রদায়িক সংঘাত লগোৱাৰ অপচেষ্টা কৰিছে।
৭) মই দূৰ্গা পূজা কৰিছোঁ, তাতে কি হল?
উত্তৰ : আপুনি নিজকে মুশ্বৰীক বুলি প্ৰমাণ কৰিছে। আপুনি ব্যক্তিগত ভাবে যি কৰে কৰক, তা’ত কোনেওঁ হস্তক্ষেপ নকৰে। আপুনি ইচ্ছা কৰিলে যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে, তা’তো আপোনাৰ স্বাধীনতা আছে। কিন্তু আপুনি যি কৰিছে সেয়া অন্য লোকেওঁ কৰিব লাগিব বুলি যদি দাবি কৰে তেন্তে সমাজত বিশৃঙ্খলতাৰ সৃষ্টি হ’ব। গতিকে সমাজত বিশৃঙ্খলতা সৃষ্টি নকৰাকৈ আপুনি যি ইচ্ছা কৰিব পাৰে, আপোনাৰ সম্পূৰ্ণ অধিকাৰ আছে।
৮) মৌলানা তাৰিক জামিল, মৌলানা তাৰিক মাচউদ, মৌলানা মিজানুৰ ৰহমান আজহাৰী – এই সকলো দালাল আৰু ভ্ৰষ্ট, কাৰণ – ইহতে মুছলমানক বিপথে পৰিচালিত কৰি আছে।
উত্তৰ : উপৰোক্ত তিনিওঁজন আমাৰ দৃষ্টিত মুছলিম। যিয়ে তেখেত সকলক ভ্ৰষ্ট বুলি কব তেওঁ নিজেই ভ্ৰষ্ট বুলি নিজকে প্ৰমাণ কৰিব। কাৰণ ৰছুল (ছ:)য়ে কৈছে –
عَنْ عَبْدِ اللَّهِ بْنِ عُمَرَ رَضِيَ اللَّهُ عَنْهُمَا، أَنَّ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ : ” أَيُّمَا رَجُلٍ قَالَ لِأَخِيهِ : يَا كَافِرُ. فَقَدْ بَاءَ بِهَا أَحَدُهُمَا “.
যদি কোনোবাই নিজৰ ভাইক কয় যে- হে কাফিৰ তেন্তে সেয়া দুজনৰ যিকোনো এজনৰ ওপৰত প্ৰযোজ্য হয়। (ছহীহ বুখাৰী,হাদীছ নং ৬১০৩)
অৰ্থাৎ যাক ভ্ৰষ্ট বুলি কৈছে তেওঁ যদি ভ্ৰষ্ট নহয় তেন্তে যিয়ে ভ্ৰষ্ট বুলি কৈছে তেওঁ নিজেই ভ্ৰষ্ট হৈ যায়।
সামগ্রিক ভাবে মুছলিম সকলক কোনেওঁ বিপথে পৰিচালিত কৰিব নোৱাৰে যেতিয়ালৈকে আমি ক্বুৰআন আৰু ছুন্নাহ মতে চলিম, হজৰত মুহাম্মদ (ছ:) য়ে যি দৰে চলিবলৈ কৈছে সেইদৰে চলিম। তেতিয়া কোনেওঁ আমাক বিপথে পৰিচালিত কৰিব নোৱাৰে। কিন্তু মাজে সময়ে দুই এজনে ক্বুৰআন, হাদীছৰ অপব্যাখ্যা কৰি মানুহক বিপথে পৰিচালিত কৰাৰ অপচেষ্টা কৰিছে যদিও সফল হ’ব পৰা নাই। তেনেকুৱা ব্যক্তি আগলৈয়ো আহি থাকিব কিন্তু তেওঁলোকে নিজৰ অপচেষ্টাত সফল নহয়।
সচেঁতন ৰাইজলৈ আমাৰ আহ্বান:
এতিয়া আপুনি সুস্থ আৰু নিৰপেক্ষভাবে চিন্তা কৰি নিজেই সিদ্ধান্ত গ্ৰহণ কৰক যে—
• এইজন তথাকথিত পণ্ডিত এতিয়াও মুছলিম হৈ আছে? নে মুৰ্তাদ আৰু মুশ্বৰিক হল?
• কুৰআন হাদীছৰ অপব্যাখ্যা কৰা এইজন সুবিধাবাদীক গুৰুত্ব দিব নে?
• আপুনি এই গালিবাজ পণ্ডিতৰ কথা শুনি / লাইভ চাই নিজৰ সময় নষ্ট কৰিব নে?
• ৰাজহুৱাকৈ নিজকে ‘মই শ্ৰেষ্ঠ ‘ বুলি দম্ভালি মৰা অভিনেতাজনৰ পৰা দ্বীন-ধৰ্ম শিকিব নেকি?
• কুৰআন – হাদীছ বিকৃত কৰি বিভ্ৰান্ত সৃষ্টি কৰা উদ্ভণ্ড স্বয়ম্ভু পণ্ডিতজনৰ LIVE / VDO আদিত গৈ কমেন্ট আদি কৰি তাক পপুলাৰ কৰাত মুখ্য ভূমিকা পালন কৰিব নে?
• স্বয়ম্ভু ধৰ্মী নেতাজনক লৈ চেনেলবোৰে আয়োজন কৰা টকশ্বত কমেন্ট (সমৰ্থন বা বিৰোধিতা ) কৰি গৈ চেনেলবোৰক বিনামূলীয়া TRP দি জনপ্ৰিয় কৰিব নে?
◾আৰু ওচৰত পালে / চছিয়েল মেডিয়াত নিজৰ ৱালত (কমেন্টত নহয়) সেই অতপালি পণ্ডিতজনলৈ প্ৰশ্ন কৰক যে —
. ‘কেলা কেলা’ আদি অভদ্ৰামিৰে আপুনি ৰাইজক কি বাৰ্তা দিব বিচাৰে?
• আপুনি নিজৰ ৰাজহুৱা লাইভ / আলোচনাত অশ্লীল গালি শপনিৰ দ্বাৰা ৰাইজক কি বুজাব বিচাৰে?
• এই অহংকাৰ, আনক সদায় তুচ্ছ জ্ঞান কৰা, গালি গালাজ কৰি থকা, সমন্বয় ৰক্ষাৰ নামত অনাই বনাই কথা, নিজৰ ধৰ্মৰ মূল গ্ৰন্থৰ বিকৃতকৰণ, এইবোৰ এজন ধৰ্মীয় নেতাৰ পৰিচয় হব পাৰে নেকি?
নে
ইয়াৰ আঁৰৰ উদ্দেশ্য কেৱল আৰু কেৱল জনপ্ৰিয়তা অৰ্জন কৰি তথা ডাঙৰ মুনাফা আদায়?
নে আপুনি ইতিমধ্যে কাৰোবাৰ এজেণ্ট হৈ পুতলা হিচাপে কিছু ৰং পাবলৈ নাচি আছে ?
ৰাইজলৈ আমি অনুৰোধ জনাম যে কোনেওঁ যাতে আইন হাতত তুলি নলয়। এনে বিশৃঙ্খল ব্যক্তি আগতেওঁ আছিল, এতিয়াওঁ আছে আগলৈয়ো থাকিব। আমি সংযত আৰু শালীনতা ৰজাই ৰাখি তেওঁলোকক উত্তৰ দিব লাগিব। আমি নিজে নিজৰ ঈমান সুৰক্ষিত ৰাখিব লাগিব। এনে ব্যক্তিক সকলোৱে ছচিয়েল মিডিয়াত Block কৰা উচিত।
তেওঁৰ দাবি সমূহ প্ৰমাণসহ সংৰক্ষিত আছে। তেওঁৰ কোনো সমৰ্থকে যদি কয় যে ওপৰোক্ত কথাবোৰ তেওঁ কৈছে তাৰ কি প্ৰমাণ আছে? তেওঁলোকে এই লিংকত ক্লিক কৰি চাব পাৰে https://hhlive.in/archives/116
ওপৰোক্ত লেখা প্ৰস্তুত কৰাত যি সকলৰ গ্ৰন্থ অথবা লিখনীৰ পৰা সহায় লোৱা হৈছে-
1) আছান তৰজুমা ক্বুৰআন, ডক্টৰ মুফতি তাকী ওছমানী
২) তফছীৰে ইবনে কাছীৰ
৩) মৌলানা আব্দুছ ছাত্তাৰ
(D Pharm, B Sc)
৪) মুফতি মুৰ্তাজা ইউছুফ
(MA, ED)
৫) মৌলানা নুৰুল আমিন কাছিমী,
(MA, FD)
৬) মুফতী আক্বিব শ্বামিম ক্বাছিমী,
(শিক্ষক)
৭) মৌলানা আলী আছগৰ,
(BA)