
জনমাষ্টমীৰ দিনাই সংঘটিত হৈছিল এই দু:খ জনক ঘটনা।
৪২ বছৰীয়া জিতেন চাহুৰ কামনাৰ বলি এগৰাকী ১০ বছৰীয়া নাবালিকা।
শিশুটিক ম’বাইল দেখুওৱাৰ প্ৰলোভন দি সংঘটিত কৰা হৈছিল এই ঘটনা। তিনিচুকীয়াৰ চিকাজানৰ এই ঘটনাই সমাজৰ ভিতৰুৱা এক পৰিৱেশ উদঙাইছে ।
শিশুটিৰ মাতৃয়ে তিনিচুকীয়াৰ গেলাপুখুৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে অভিযুক্ত জিতেন চাহুক বালুগদাৰ পৰা আটক কৰে।